আমাৰ বিষয়ে
অসমত নিমন্ত্ৰণ মানে মৰম আৰু সন্মান — শৰাইত তামোল-পাণ আগবঢ়াই আমি মানুহক আদৰোঁ। নিমন্ত্ৰণী শৰাই সেই পৰম্পৰাকে আজিৰ ফোনলৈ আনিছে।
আমাৰ ডিজিটেল নিমন্ত্ৰণ পত্ৰ এটা সুন্দৰ ৱেবপেজ। এটা লিংক হোৱাটছএপত পঠিয়ালেই আলহীয়ে অনুষ্ঠানসূচী, স্থানৰ মেপ, কাউণ্টডাউন, ফটো আৰু সংগীত দেখিব; তাতেই উত্তৰ (RSVP) আৰু আশীৰ্বাদ দিব পাৰিব।
বিয়া, জোৰোণ, জন্মদিন, অন্নপ্ৰাশন, গৃহ প্ৰৱেশ, বিহু, পূজা, শ্ৰাদ্ধকে ধৰি ২২ বিধ অনুষ্ঠানৰ বাবে ডিজাইন আছে — প্ৰতিটোৰে লিখনি চাৰিটা ভাষাত সাজু।
নিমন্ত্ৰণী শৰাই গুৱাহাটীৰ বেলতলাৰ মায়া ডিজিটেল হাবৰ এটা সেৱা। মায়া ডিজিটেল হাবে প্ৰিমিয়াম প্ৰিণ্টিং, আইটি মেৰামতি আৰু ডিজিটেল মাৰ্কেটিঙৰ কাম কৰে।